Sunday, November 17, 2019

প্রথম অসমীয়া বোলছবি জয়মতী

কিমান যে নাম। কোনোৱে কয় ফিল্ম। কোনোৱে চিনেমা। ক'ৰবাত মুভী। কাৰোবাৰ মুখত বায়াস্কোপ। অনুদিত নামৰ ব্যঞ্জনাও অলেখ। কোনোৱে কথাছবি। ক'ৰবাত বোলছবি। চিনেমা শব্দটো গ্রীক শব্দ 'কিনেমা'ৰ ব্যঞ্জনাময় ৰূপ। কিনেমাৰ অৰ্থ হ'ল গতি। এই নামেৰে বহু বহু বছৰ আগতে ১৮৬১ চনত আমেৰিকাৰ কলমেন চেলাৰছ নামৰ এজন যন্ত্ৰবিদে তৈয়াৰ কৰিছিল কিনেমাটোস্কোপ (kinematoscope) কিনেমা শব্দৰ সেয়ে প্ৰথম ব্যৱহাৰ। বোলছবিৰ প্ৰতিশব্দ হিচাপে এই শব্দই পৰিচিত হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰিল। 'কিনেমা' 'চিনেমা'ৰ অঙ্গাঙ্গী নাম। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতো চিনেমা নামৰ এই বিস্ময়কৰ শিল্প মাধ্যমটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ইতিহাস অতি চমকপ্ৰদভাৱে প্ৰতিভাত হৈছে। ভাৰততো ছবি নিৰ্মাণৰ ঢৌ উঠিছিল। প্ৰথমে নিৰ্বাক ছবিৰ ঢৌ, পিছলৈ সবাক ছবিৰো। ভাৰতবৰ্ষৰ প্ৰথম ছবিখন প্ৰদৰ্শিত হৈছিল হোটেল এখনত। বোম্বেৰ ৱাটছন হোটেলত। দিনটো আছিল ১৮৯৬ চনৰ ৭ জুলাই। সেইদিনা সন্ধিয়া উক্ত হোটেলতে অবাক বিস্ময়ৰে ভাৰতবৰ্ষৰ মানুহে প্ৰথম প্ৰত্যক্ষ কৰে ৰূপালী পৰ্দাত ছবি। দৰ্শক আছিল হোটেলৰে বাসিন্দসকল। স্বাভাৱিক কাৰণতে Times of India কাকতৰ বিজ্ঞাপন এটিত কোৱা হৈছিল 'বিশ্বৰ বিস্ময়' আৰু 'শতিকাৰ আশ্বৰ্য' বুলি। কোৱা হৈছিল: "living photographic pictures in life sized production".
       ছবি নিৰ্মাণৰ আকাংক্ষাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সচেতন সৃষ্টিধৰ্মী শিল্পীমন যিদৰে কপাঁই তুলিছিল, তেনেদৰেই কপাঁইছিল অসমৰো এটি সত্তাক। ছবি মাথোন য'ত ছবি নহয়, যি হ'ব অসমীয়া সংস্কৃতিৰ নবচেতনালব্ধ উপলব্ধিৰ ৰহণীয়া প্ৰকাশ। ছবিৰ ভাষাৰ মাকোঁত উঠি য'ত নিভাজ অসমীয়া জাতীয় জীৱন, কলা-কৃষ্টিৰ মহিমামণ্ডিত ৰূপ উদ্ভাসিত হৈ উঠে। এই মহতী উদ্দেশ্য চকুৰ আগত ৰাখিয়ে তেওঁ আগবাঢ়িছিল। পৰিকল্পনা কৰিছিল প্ৰথম অসমীয়া সবাক ছবিৰ। নাম যাৰ 'জয়মতী'। স্ৰষ্টাৰ নাম জ্যোতিপ্ৰসাদ আগৰৱালা। ভমকাফুলীয়া নাম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। চমুকৈ জ্যোতিপ্ৰসাদ। ছবিৰ সৈতে পোহৰৰ অঙ্গাঙ্গী সম্পৰ্ক। জ্যোতিৰ আন এটি নাম পোহৰ।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
       ১৯৩৪ চনতে এক আচৰিত সপোন দেখিছিল তেওঁ। এই সপোন আৰু বহু দেশৰ বহু অগ্ৰণী চিত্ৰ নিৰ্মাতাৰ সপোনতকৈ কিছু বেলেগ আছিল। কাৰণ বোলছবি নিৰ্মাণক তেওঁ তেতিয়াই এনে এক মাধ্যম হিছাপে গণ্য কৰিছিল, য'ত মাথোন ছবিৰ বাবে ছবি নিৰ্মাণৰ আনন্দই জড়িত হৈ নাথাকে, জড়িত হৈ থাকে শিক্ষণীয় শিক্ষালয়ৰ পৰিবেশ যাৰদ্বাৰা এখন বা এটা জাতি সঁচা অৰ্থত অনুপ্ৰাণিত হ'ব পাৰে।
      যি সময়ত তেওঁ অসমীয়া ভাষাত ছবি এখন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল তেতিয়া ভাৰতৰ প্ৰথম সবাক ছবি 'আলমআৰা' নিৰ্মাণ হৈ গৈছে মাত্ৰ। সেইসময়ত অসমৰ তেনে চিত্ৰ নিৰ্মাণৰ কোনো সা-সুবিধাই নাছিল। নাছিল কোনো চিত্ৰগৃহ। নাছিল ফিল্ম-শিলৰ কাৰিকৰী জ্ঞানেৰে বিধৌত কোনো কলা-কুশলী। নাছিল প্ৰচলিত অৰ্থত কোনো প্ৰফেশ্যনেল শিল্পী। নাছিল বোলছবি শিল্পত আগ্ৰহী কোনো ধনকুবেৰ যাৰ মুকলি আৰু উদাৰ হাতৰ অৰ্থ সাহায্যত ছবি নিৰ্মাণৰ দৰে বগা হাতী এটাক অনায়াসে বশ মনোৱা সম্ভৱ হয়।
   উল্লেখ কৰাটো উচিত হ'ব যে যিটো সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী' কৰিবলৈ সিদ্ধান্ত লয় তেতিয়া তেঁওৰ নিজৰে 'শোণিতকুঁৱৰী' নাটকখন আছিলেই। কিন্তু জ্যোতিপ্ৰসাদে সেইটো বিচৰা নাছিল। তেওঁ বিচাৰিছিল এনে এটি কাহিনী য'ত অসমীয়া জাতীয় জীৱনৰ এক সাহসিকতাপূৰ্ণ চিত্ৰ প্ৰস্ফুটিত হৈ উঠে। জেলৰ পৰা ওলাই আহিয়ে অসমীয়া ফিল্ম কৰাৰ বাবে যেতিয়া জ্যোতিপ্ৰসাদে কঁকালত টঙালি বান্ধি ল'লে তেতিয়া তেওঁ চিত্ৰৰূপৰ বাবে নিৰ্বাচন কৰে বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নাটকখনৰ কাহিনীটো।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
    উল্লেখযোগ্য যে 'জয়মতী' প্ৰথম মুক্তি পাইছিল কলিকতাৰ 'বাওনাক' ছবিঘৰত। এতিয়া যিটো ছবিঘৰৰ নাম 'জ্যোতি চিনেমা'। ছবি উদ্বোধন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। 'জয়মতী'ৰ মুক্তিৰ দিন আছিল ১৯৩৫ চনৰ ১০ মাৰ্চ। ছবিখন চাই সকলোৱে জ্যোতিপ্ৰসাদৰ প্ৰশংসা কৰিছিল। সবাতোকৈ মূল্যবান মন্তব্যটো দিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। বেজৰুৱাই কৈছিল : 'মই দুঘণ্টা আহোম ৰাজ্যত সোমাই আছিলোঁ যেন লাগিছে।'
       কলিকতাৰ পিছতে 'জয়মতী' প্ৰথম মুক্তি দিয়া হৈছিল গুৱাহাটীত। ১৯৩৭ চনত জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰে তেজপুৰৰ চিত্ৰগৃহ 'জোনাকী'।
জ্যোতিপ্ৰসাদৰ দ্বাৰা নিৰ্মিত এই 'জোনাকী' হলটো ভাতৃ হৃদয়ানন্দ আগৰৱালাৰ বৰ্ণনাত: "তেজপুৰৰ আমাৰ ঘাই ঘৰ 'পকী'ৰ  (বৰ্তমান জ্যোতি ভাৰতী) এনেয়ে পৰি থকা কচুৱণী আৰু ডাঙৰ ডাঙৰ আম, লিচু আৰু জামু গছেৰে ভৰা ঠাইত নিৰ্মাণ কৰা হৈছিল। সেই ঠাইডোখৰ আন্ধাৰ-মুন্ধাৰ, মানুহ অহা-যোৱা কৰিলেও জোনাকী পৰুৱাৰ পোহৰেহে বাট দেখুৱায়। সেইডোখৰ ঠাইয়ে সদায় পোহৰ হৈ ৰাইজৰ মন আনন্দিত কৰি ৰাখিব বুলিয়েই প্ৰেক্ষাগৃহটোৰ নাম 'জোনাকী' থ'লে বুলি আমাক কোৱা মনত আছে।..."
        এই জোনাকী ছবিঘৰৰ শুভাৰম্ভ হৈছিল হলিউডত বিখ্যাত হৈ পৰা ভাৰতীয় চিত্ৰ তাৰকা চাবু অভিনীত 'এলিফেণ্ট বয়' নামৰ ছবিৰে। এই চাবুকে লৈ সেই সময়ৰ বিখ্যাত চিত্ৰ পৰিচালক অভিনেতা কিশোৰ চাহুৱেও হিন্দী ছবি এখন কৰিছিল।  সেইয়াই আৰম্ভণি। অসমীয়া ছবি প্ৰদৰ্শনৰ। Notunk বহুৱাবলৈ সাহ কৰিছিল জ্যোতিপ্ৰসাদে। সেই সাহৰেই অমৃত ফল আছিল 'জয়মতী'। যিখন মাত্ৰ এখন ফিল্ম নাছিল, এখন ছবি বা সংখ্যাত প্ৰথম বাবে যি ছবি স্মৰণীয় নহয়, 'জয়মতী' ছবি আৰু ছবিৰ স্ৰষ্টা জ্যোতিপ্ৰসাদৰ এনে অঙ্গাঙ্গী সম্পৰ্ক আছিল যি অসমীয়া ভাষা-সংস্কৃতিৰ বাবে এতিয়াও গৱেষণাৰ এক সুপ্ত বিচুভিয়াছ হৈয়ে আছে।
     সেই তাহানিতেই এই অসমৰ মাটিতে অসমৰ নিজাকৈ অস্থায়ী ষ্টুডিঅ সাজি ছবি নিৰ্মাণৰ যি অভাৱনীয় ৰোমাঞ্চকৰ কাহিনী,সেইয়া কোনো ৰহস্য উপন্যাসৰ দৰেই ৰোমাঞ্চকৰ। 

No comments:

Post a Comment

নিস্প্ৰভ এটা দীঘলীয়া হামিৰ পৰা পলাই ফুৰা কালচোৱাত আপোনমনা এচমকা নিশাহ মোৰ আলহী হৈছিল। য'ত ত'ত পৰি ৰোৱা অস্তিত্ববোৰ সামৰি সুতৰি ...