Tuesday, May 26, 2020

নিস্প্ৰভ

এটা দীঘলীয়া হামিৰ পৰা পলাই ফুৰা কালচোৱাত আপোনমনা এচমকা নিশাহ মোৰ আলহী হৈছিল।
য'ত ত'ত পৰি ৰোৱা অস্তিত্ববোৰ সামৰি সুতৰি মই আকৌ কোঠাটোত এটা সেউজীয়া লেম জ্বলাই লৈছিলো।

বনৰীয়া সোৱাদ এটি
এই মাত্ৰ  বৈ গৈছে যেন,
চটফটাই থকা কাগজখিলাৰ বুকুখন সাৱটি ধৰি আকাংক্ষাৰ পৰিণতিলৈ চাই ৰ'লো।
তেতিয়াৰ পৰা মোৰ ক্লান্তিবোৰে চিনাকী নিশাহজাকৰ হাতখন খামোচি ধৰি এটা ভাগৰুৱা বাট বুলিছিল।

আকবাক কিবা এখন অস্পষ্ট পথাৰ,
অদৰকাৰী ধুমুহাৰ বাবে তেতিয়াৰ বাৰিষাজাক চিৰদিনলৈ যেন স্তব্ধ হৈ পৰিছিল।
কিন্তু অতি আচৰিত কথা দাপোনত দেখিছিলো সিপাৰত দোপালপিতা এজাক বৰ ডাঙৰ বৰষুণ।

মোৰ খুব যেন চিঞৰাৰ এটা হাবিয়াস হৈছিল,
বাহিৰলৈ গৈ যেন দৌৰিম
আৰু কেইদিনমানৰ বাবে আকৌ এখিলা কাগজৰ টুকুৰাত এটা নাম বাৰে বাৰে লিখিবলৈ আৰম্ভ কৰিম।

আপোনাৰ ঘৰলৈ কেতিয়াবা পুৱাৰ দূবৰি আৰু নিয়ৰবোৰ আহিছেনে?
যদি আপুনি সঁচাকৈয়ে শৰীৰহীন নিয়ৰবোৰৰ লগত সহবাস কৰিছে ,
থমকা বতাহবোৰৰ লগত গাইছে আবেলিৰ গান,
যদি এবাৰ হ'লেও আপুনি সঁচাকৈয়ে শৰীৰহীন নিশাহ এটিৰ বুকুখন খুলি চাইছে,
অভিনন্দন আপোনাৰ অভিনয়ে পৃথিৱীৰ বুকুৰ পৰা যন্ত্ৰৱৎ চহৰৰ অভিনেতাসকলক চিৰদিনলৈ বিলীন কৰিছে।

এটা চৰিত্ৰৰ গতি হৈ এখন উপঙি থকা আকাশৰ বেলিটো খহি পৰিল।
তেতিয়া জোপোহা এটাৰ মাজৰ পৰা ভাহি আহিছিল
এটা অস্ফুট শব্দ,
'নিস্প্ৰভ'....

নিস্প্ৰভ এটা দীঘলীয়া হামিৰ পৰা পলাই ফুৰা কালচোৱাত আপোনমনা এচমকা নিশাহ মোৰ আলহী হৈছিল। য'ত ত'ত পৰি ৰোৱা অস্তিত্ববোৰ সামৰি সুতৰি ...